মূল্য
December 20, 2024 ·কলৰৱ
মূল: আছে মানুষ, নেই মানুষ
--তসলিমা নাসরিন
অনুবাদ: মাধুৰ্য্য ফুকন
মানুহ যি হয়,সেয়া় নহয়ো
ইয়াত যি আছিল এতিয়া আৰু নাই তাৰ অস্তিত্ব
যি আছে তাৰো নাথাকিব কোনো অস্তিত্ব
না তোমাৰ
না আমাৰ
আমাৰ চালৰ ঘৰ্মগ্ৰন্থিৰে গজি উঠিব ঘাঁহ
আকাশৰ সীমনা চুমি গজি উঠিব কৃষ্ণচূড়া
আৰু কোনো কোনো লোকৰ হাড়তেই
গঢ়ি উঠিছে সাত তলাৰ দালান।
এই দালানত যি সঞ্জীৱনী জল চতিয়াব
সিও এদিন পৰিণত হ'ব আম, জামু আৰু কৰদৈ পুলিৰ সাৰলৈ।
ইয়াত যি আছিল ইয়াতেই আছে
ইয়াত যি নাই তাতো নাই
ইয়াত যি নাই কতো নাই
নিৰ্জন অন্ধকাৰত যিসকল হেৰাইছে
কতো সন্ধান হোৱা নাই তেওঁলোকৰ।
মানুহৰ ভীৰত
হেৰাই গৈছে জীৱনৰ মূল্য।
কলৰৱ
একে বিষয়ৰ ৰচনা
নতুন ৰচনাৰ খবৰ পাবলৈ
নতুন কবিতা আৰু অনুবাদ প্ৰকাশ হোৱাৰ লগে লগে জানিবলৈ যোগাযোগ ৰাখক।
ইমেইলৰে যোগাযোগ কৰক
বৈশিষ্ট্যপূৰ্ণ ৰচনা
আয়োজন
তৰা এটা বিচাৰি বিচাৰি বুদ্ধৰ ঘৰ ওলালোঁ গৈ বুদ্ধৰ ঘৰত তপত শিল এচতাত বহি আগ পিছ ভাবি থাকোঁতেই শিলচতা ক্ষয় গ’ল। দেখিলোঁ, সন্মু...
September 16, 2026