A Literary Journal for New and Established Voicesঅসমীয়া সাহিত্য · ২০২৬

পুৰুষ


 মূল-জেচিণ্টা কেৰকেট্টা(जसिंता केरकेट्टा)

অনুবাদ: মাধুৰ্য্য ফুকন 


এই ধৰাত
কোনো পুৰুষ হৈ জন্ম লোৱা নাই
পুৰুষ ৰূপে গঢ় দিছে এই সমাজে।
শৈশৱৰ পৰাই লাহে লাহে
নিভৃত নাৰীত্ব নিঃশেষ কৰি আহিছে
সামাজিক নিয়মে
সামাজিক নীতিয়ে ।
এই দৰেই গঢ় দিছে 
তথাকথিত পুৰুষক
শৈশৱৰ পৰাই !
আৰু
প্ৰজন্মৰ পিছত প্ৰজন্ম
পোত গৈছে এই বিভ্ৰাট জলাশয়ত ।
কলৰৱ

কলৰৱ

আয়োজন

আয়োজন

তৰা এটা বিচাৰি বিচাৰি   বুদ্ধৰ ঘৰ ওলালোঁ গৈ  বুদ্ধৰ ঘৰত তপত শিল এচতাত বহি আগ পিছ ভাবি থাকোঁতেই  শিলচতা ক্ষয় গ’ল। দেখিলোঁ, সন্মু...