A Literary Journal for New and Established Voicesঅসমীয়া সাহিত্য · ২০২৬

খোজৰ লেখেৰে

খোজৰ লেখেৰে
খোজৰ জোখাৰে
শব্দবোৰ নাই

ইতিবাচক নেতিবাচক
বুলিও নাই
উশাহৰ শব্দবোৰ যেতিয়া
সুৰ হৈ বাজে
কলিজাৰ কঁপনিতো
ভাঙি পৰে হেৰাই যোৱা নিৰৱতা

সাৰত বন গজাৰ পাছতো
জ্বলি ছাই হোৱা উদাসীন মনতো
এজাক বৰষুণৰ আশা
ৰৈ আছে চকু থৰ কৰি

ক'ৰবাত যেন জাগি উঠিব বাসনাৰ ঢল

বৈ থকা নৈখন বাধা দিব নোৱাৰিলে
কোলা উদং কৰি লৈ যাব সকলো
ভৰি তলৰ মাটিকণো বাচি নাথাকিব
কথাৰ মায়াৰে সজা
বিতোপন এই অৰণ্যত
স্খলিত সপোনৰ উদৰ

তথাপি মায়া মোহত পাহৰি গ'ল
তল পৰি গ'ল কথাবোৰ
নিজৰ বুলিবলৈ সপোনটোৱে আছিল
আজি সপোনটো নিজৰ হৈ নাই
গভীৰ টোপনিত সজা সোণৰ পঁজাটো
নিলামত গ'ল
ঋণৰ টকাৰে গঢ়া উন্নতিৰ জখলাডাল।

পৰাধীনতাৰ পোৰা গোন্ধ নাকত আহি লাগিল ইমান তীব্ৰ এই গোন্ধ!

আজি যে উশাহ ল'বলৈও
কৰ পৰিশোধ কৰিব লাগে...!!

মাধুৰ্য্য ফুকন


কলৰৱ

কলৰৱ

খোজৰ লেখেৰে

খোজৰ লেখেৰে খোজৰ জোখাৰে শব্দবোৰ নাই ইতিবাচক নেতিবাচক বুলিও নাই উশাহৰ শব্দবোৰ যেতিয়া সুৰ হৈ বাজে কলিজাৰ কঁপনিতো ভাঙি পৰে হেৰাই যোৱা নিৰৱতা স...