A Literary Journal for New and Established Voicesঅসমীয়া সাহিত্য · ২০২৬

আয়োজন




তৰা এটা বিচাৰি বিচাৰি 

বুদ্ধৰ ঘৰ ওলালোঁ গৈ 

বুদ্ধৰ ঘৰত তপত শিল এচতাত বহি

আগ পিছ ভাবি থাকোঁতেই 

শিলচতা ক্ষয় গ’ল।


দেখিলোঁ, সন্মুখতে বুকু ডাঠ কৰি 

থিয় হৈ থকা ঘন সেউজীয়া 

পাহাৰকেইটাও ক’লা হৈ আহিল 

কেনেকৈ ক্ষণিকতে হেৰাই গ’ল!


হেৰাই যোৱাৰ ভয়… 

নতুবা হেৰুৱাৰ ভয় 

সেয়ে, 

এখন্তেকৰ কাৰণে ইমান আয়োজন!


হঠাতে গুজৰি গুমৰি অহা 

ক’লা ডাৱৰখিনিৰ মাজত 

কিমান যে সংঘৰ্ষ

বিজুলী-ঢেৰেকণিৰ অন্তত 

অন্তৰ পখালি যোৱা বৰষুণজাক 

কেতিয়া বা আহে 

আহে বা নাহে 

অনেক প্ৰশ্ন…


মাধুৰ্য ফুকন




কলৰৱ

কলৰৱ

আয়োজন

আয়োজন

তৰা এটা বিচাৰি বিচাৰি   বুদ্ধৰ ঘৰ ওলালোঁ গৈ  বুদ্ধৰ ঘৰত তপত শিল এচতাত বহি আগ পিছ ভাবি থাকোঁতেই  শিলচতা ক্ষয় গ’ল। দেখিলোঁ, সন্মু...