A Literary Journal for New and Established Voicesঅসমীয়া সাহিত্য · ২০২৬

মৰীচিকাৰ সপোন খেদি

মূল: শংকৰ শৈলেন্দ্ৰ
অনুবাদ: মাধুৰ্য্য ফুকন 

মৰিচিকাৰ কপটতা ভেদি
দে খোঁজ আগোৱাই ৰাজ আলিলৈ!
আহ খোঁজে খোঁজ মিলায়!
নাথাকিবি দূৰে দূৰে স্বজন-স্বজাতিৰ পৰা।

এই ভোক ৰোগ বেৰোজগাৰী, 
একেই আমাৰ সমস্যা বোৰ
ভবি চাইছনে কেতিয়াবা সৰ্বস্ব থাকিও, 
কিয় আমি ভিক্ষাৰী,
কিয় এই ধাৰা বন্ধ্যা,
কিয় এই ধাৰা নিস্ফল,
কিয় গ'ল শুকাই এই অম্বৰ?

এই দুনিয়াতে লালিত পালিত আকাল-দুৰ্ভীক্ষ,
আছে মৃত্যুৰ ঠিকাদাৰ,
পথৰ ওপৰতে জন্মে আৰু পথৰ ওপৰতে মৰে নৰ-নাৰী!
যি কাঢ়ি নিয়ে শিশুৰ মুখৰ হাঁহি
খেদা সেই ভূত,খুলি তাৰ মুখা।

সঁচা এই ৰাস্তা কাঁইটীয়া খুজেপতি হুল,
কাঁইটৰ দলিচাৰে সজোৱা 
মুক্তিৰ এই পথ।
নিৰ্জন দ্বীপত ফুলি আছে গোলাপ সুকুমল!
এতিয়াও বহু বাকী লক্ষ্য স্থানলৈ।
আমি কাহানিও ভাগ্যৰ দাস নহয় 
আমাৰ ভাগ্য আমাৰ হাততেই আছে 
হ'ব পৰো মজদুৰ,
অসহায় দুৰ্বল নহওঁ।

যদি তোৰ মোৰ দৰে অগণন মিলিত হয় 
নিস্ক্ৰিয় হৈ যাব অস্ত্ৰ শস্ত্ৰৰ কোলাহল  
কঁপি উঠিব জুলুমৰ সিংহাসন,
এই সময় একত্ৰিত হোৱাৰ 
এই সময় দায়বদ্ধ হোৱাৰ 
জীৱনৰ জীয়া জুইত 
দেই পুৰি যোৱা মানৱ কুটুম
ল' জ্বলাই উমি উমি 
জ‌্বলি থকা অগনি পৰাণৰ।।

কলৰৱ

কলৰৱ

খোজৰ লেখেৰে

খোজৰ লেখেৰে খোজৰ জোখাৰে শব্দবোৰ নাই ইতিবাচক নেতিবাচক বুলিও নাই উশাহৰ শব্দবোৰ যেতিয়া সুৰ হৈ বাজে কলিজাৰ কঁপনিতো ভাঙি পৰে হেৰাই যোৱা নিৰৱতা স...