A Literary Journal for New and Established Voicesঅসমীয়া সাহিত্য · ২০২৬

ৰোগাক্ৰান্ত শৰীৰ

  

মাধুৰ্য্য ফুকন

এই ভৌতিক শৰীৰ ৰোগাক্ৰান্ত
আজি বহু সময়ৰ পৰা ।
সংক্ৰমণ হৈ আহিছে
সেই সময়ৰ পৰা
সেই দিনৰ পৰা
যিদিনা শৰীৰটো লোভৰ নদীত স্নান কৰিছিল
যিদিনা শৰীৰটো মলিয়ন হৈছিল ঈৰ্ষাৰ জ্বলাত
যিদিনা শৰীৰটোৰ ভাগবতৰা হৈছিল
তোৰ-মোৰ, উচ্চ-নীচ বুলি।
তই এনেকুৱা তই তেনেকুৱা বুলি।
তই অমুক তই তমুক বুলি।
যিদিনা শৰীৰটো মিথ্যা ভৰ্ৎসনাৰ সাগৰৰ ঢৌৱে ধুৱাই নিছিল।
শৰীৰটো আৰু শৰীৰ হৈ থাক নাই।
তথাকথিত ভদ্ৰৰ বিলাস বিনোদনৰ আহিলা মাথোঁ।
পুঁজিপতিৰ আহৰিত তথাকথিত ষ্টেটাচ মাথোঁ।
আজি আৰু নাই তাৰ ভৌতিক অস্তিত্ব।
এতিয়া মাথোঁ কিতাপৰ আখৰ হৈ পৰা দুটামান ক'লা দাগ ।
কলৰৱ

কলৰৱ

খোজৰ লেখেৰে

খোজৰ লেখেৰে খোজৰ জোখাৰে শব্দবোৰ নাই ইতিবাচক নেতিবাচক বুলিও নাই উশাহৰ শব্দবোৰ যেতিয়া সুৰ হৈ বাজে কলিজাৰ কঁপনিতো ভাঙি পৰে হেৰাই যোৱা নিৰৱতা স...