অনুবাদ: মাধুৰ্য্য ফুকন
মই সেই সত্তা
যিতোমাৰ প্ৰতি খুজত প্ৰতি উশাহত ভাসমান।
তুমি বিশ্ববিদ্যালয়ত ব'ম দিয়া
হোষ্টেল বোৰ জাৱৰৰ দ'ম বনোৱা
সিহঁতক সোণৰ সপোন দেখুওৱা
যি কৰা,মোৰ কি কৰিবা
মই যে অবিনশ্বৰ সকলোতেই ভাসমান
জনতাৰ কণ্ঠ ৰুদ্ধ কৰা
ধুলিসাৎ কৰা এই ঠাই
ধুলিসাৎ কৰা এই দেশ
তুমি যিয়েই নকৰা লাগে
মোৰ ৰূপিত সেই বীজে তাৰ কাম কৰিব।
সময়ৰ কিছু অন্তৰৰ পিছত
আকৌ এদিন নতুন পুৰুষে কোনো চালকক সুধিব
এই খন কোন ঠাই
মোক সেই ঠাইত নমাই দিবা
য'ত সেউজীয়া ঘাঁহৰ অৰণ্য আছে।
মই সেই সত্তা
যি তোমাৰ প্ৰতি খোজত প্ৰতি উশাহত ভাসমান।
মই সেই সত্তা
যিতোমাৰ প্ৰতি খুজত প্ৰতি উশাহত ভাসমান।
তুমি বিশ্ববিদ্যালয়ত ব'ম দিয়া
হোষ্টেল বোৰ জাৱৰৰ দ'ম বনোৱা
সিহঁতক সোণৰ সপোন দেখুওৱা
যি কৰা,মোৰ কি কৰিবা
মই যে অবিনশ্বৰ সকলোতেই ভাসমান
জনতাৰ কণ্ঠ ৰুদ্ধ কৰা
ধুলিসাৎ কৰা এই ঠাই
ধুলিসাৎ কৰা এই দেশ
তুমি যিয়েই নকৰা লাগে
মোৰ ৰূপিত সেই বীজে তাৰ কাম কৰিব।
সময়ৰ কিছু অন্তৰৰ পিছত
আকৌ এদিন নতুন পুৰুষে কোনো চালকক সুধিব
এই খন কোন ঠাই
মোক সেই ঠাইত নমাই দিবা
য'ত সেউজীয়া ঘাঁহৰ অৰণ্য আছে।
মই সেই সত্তা
যি তোমাৰ প্ৰতি খোজত প্ৰতি উশাহত ভাসমান।
No comments:
Post a Comment