আটাইতকৈ বিপজ্জনক
August 31, 2023 ·কলৰৱ
মূল: सबसे ख़तरनाक / पाश
অনুবাদ: মাধুৰ্য্য ফুকন
শ্ৰমৰ লুণ্ঠন আটাইতকৈ বিপজ্জনক নহয়
পুলিচৰ লাঠীৰ কোব কিংবা বিশ্বাসঘাটকতা আৰু লালসাৰ পৰিণাম
আটাইতকৈ বিপজ্জনক নহয়।
হ'ব পাৰে উদ্বেগজনক
বিনাদোষে শাস্তি পোৱা
ভয়ৰ অন্ধকাৰত কণ্ঠ ৰুদ্ধ হৈ অহা
আটাইতকৈ বিপজ্জনক নহয়
সত্যৰ যুগুত থাকিও বেইমান দুনীয়াৰ ভীৰত
হেৰাই যোৱা
হ'ব পাৰে উদ্বেগজনক
ধিমিক ধামাক জোনাকীৰ পোহৰত পঢ়া
হাতৰ মুঠিত ৰৈ যোৱা পানীৰ দৰে
সময় উলিওৱা
হ'ব পাৰে উদ্বেগজনক
আটাইতকৈ বিপজ্জনক নহয়।
মৃত শান্তিৰে চৌপাশ নিজম যোৱা
আটাইতকৈ বিপজ্জনক
প্ৰজ্ঞা আৰু চেতনা টোপনিত ঢলি পৰা
সকলোবোৰ চকু মুদি সহন কৰিযোৱা
ঘৰৰ পৰা কামলৈ যোৱা আৰু কামৰ পৰা ঘূৰি অহা
আটাইতকৈ বিপজ্জনক
আমাৰ সপোনবোৰ শূণ্যত বিলীন হৈ যোৱা
আটাইতকৈ বিপজ্জনক
আপোনাৰ হাতৰ সেই ঘড়ী
যি চলি থাকিও আপোনাৰ দৃষ্টিত স্তব্ধ হৈ থাকে।
আটাইতকৈ বিপজ্জনক সেই নেত্ৰ
যাৰ দৃষ্টিয়ে পাহৰি যায় এই ধাৰাক চেনেহৰ পৰশে চুমিবলৈ
আৰু
যি হেৰাই যায় তৰল অনুবৃত্তিক ক্ৰমত।
আটাইতকৈ বিপজ্জনক সেই গীত
যি পঢ়া যায় শোকগাঁথাৰ দৰে
আতংকিত লোকৰ দুৱাৰ মুখত
গুণ্ডাৰ দৰে আটাহ পাৰে।
আটাইতকৈ বিপজ্জনক সেই চন্দ্ৰমা
যি প্ৰতি হত্যাকাণ্ডৰ পিছত
নিজম পৰা বাগিচাৰ মাজেৰে বিচৰণ কৰে
কিন্তু
সেয়া অগোচৰেই ৰৈ যায়
পানীৰ তলৰ কাঁইটৰ দৰে
জলকীয়াৰ দৰেই আপোনাৰ চকুত নপৰে।
আটাইতকৈ বিপজ্জনক সেই দিশ
য'ত আত্মাৰ সূৰ্য্য ডুব যায়।
আৰু
যাৰ মৃত পোহৰৰ কোনো কিৰণে
ভেদি যায় বুকুৰ পূৰ্ব দিশ।
শ্ৰমৰ লুণ্ঠন আটাইতকৈ বিপজ্জনক নহয়
পুলিচৰ লাঠীৰ কোব কিংবা বিশ্বাসঘাটকতা আৰু লালসাৰ পৰিণাম
আটাইতকৈ বিপজ্জনক নহয়।
কলৰৱ
একে বিষয়ৰ ৰচনা
নতুন ৰচনাৰ খবৰ পাবলৈ
নতুন কবিতা আৰু অনুবাদ প্ৰকাশ হোৱাৰ লগে লগে জানিবলৈ যোগাযোগ ৰাখক।
ইমেইলৰে যোগাযোগ কৰকবৈশিষ্ট্যপূৰ্ণ ৰচনা
খোজৰ লেখেৰে
খোজৰ লেখেৰে খোজৰ জোখাৰে শব্দবোৰ নাই ইতিবাচক নেতিবাচক বুলিও নাই উশাহৰ শব্দবোৰ যেতিয়া সুৰ হৈ বাজে কলিজাৰ কঁপনিতো ভাঙি পৰে হেৰাই যোৱা নিৰৱতা স...
June 11, 2026