অস্তিত্ব
July 29, 2024 ·কলৰৱ
ধৰ্মৰ খেতিত বিভাজনৰ শস্য কৰি
মুনাফাৰ ফচল তুলি টনকিয়াল এই ঠাই
ইয়াত মূল্যবান প্ৰাণহীন শিল বা কংক্ৰিতৰ মূৰ্তি
ইয়াত মূল্যহীন জীৱন্ত মূৰ্তি
জীৱন্ত মূৰ্তিৰ সৌজন্যতে প্ৰাৰম্ভ
প্ৰতি খোজৰ
নিৰ্মাণৰ
ধ্বংসৰ
নতুন অভিলাষ নতুন অভিযোজন
নিত্য নৈমিত্তিক
শোষণ শাসনৰ পাকচক্ৰত
হেৰাই উশাহ,পিয়াহৰ পানী, ভোকৰ ভাত
ঘৰতেই হৈ পৰে পৰ ।
নাই আপোন
নাই মূৰৰ ওপৰত ভগা চালিখনো।
আধুনিক সময়ে আদিম কৰা জীৱন
আধুনিক সময়
আধুনিক প্ৰযুক্তি
আদিম খাৰখোৱাৰ মগজু!
অস্তিত্বহীন এই নগৰ
কৰাল মৰা তেজেৰে তুমুৰলি এই চহৰ
চুলিৰ আগত জীৱ লৈ
হেৰুৱা অস্তিত্বৰ বিচাৰি
হেৰায় কত জীৱন
হেৰাই যোৱা সময়ত সপোনৰ পোখা জানো গজে!
ক'লা পৰা হৃদপিণ্ডৰ
মৃত মনৰ জীৱন্ত শৰীৰ !
(দুমহীয়া আলোচনী "অভ্যুদয়" মে-জুন, ২০২৪ ত প্ৰকাশিত)
কলৰৱ
একে বিষয়ৰ ৰচনা
নতুন ৰচনাৰ খবৰ পাবলৈ
নতুন কবিতা আৰু অনুবাদ প্ৰকাশ হোৱাৰ লগে লগে জানিবলৈ যোগাযোগ ৰাখক।
ইমেইলৰে যোগাযোগ কৰক
বৈশিষ্ট্যপূৰ্ণ ৰচনা
আয়োজন
তৰা এটা বিচাৰি বিচাৰি বুদ্ধৰ ঘৰ ওলালোঁ গৈ বুদ্ধৰ ঘৰত তপত শিল এচতাত বহি আগ পিছ ভাবি থাকোঁতেই শিলচতা ক্ষয় গ’ল। দেখিলোঁ, সন্মু...
September 16, 2026