A Literary Journal for New and Established Voicesঅসমীয়া সাহিত্য · ২০২৬

অস্তিত্ব


 মাধুৰ্য্য ফুকন 

ধৰ্মৰ খেতিত বিভাজনৰ শস্য কৰি 
মুনাফাৰ ফচল তুলি টনকিয়াল এই ঠাই
ইয়াত মূল্যবান প্ৰাণহীন শিল বা কংক্ৰিতৰ মূৰ্তি  
ইয়াত মূল্যহীন জীৱন্ত মূৰ্তি
জীৱন্ত মূৰ্তিৰ সৌজন্যতে প্ৰাৰম্ভ 
প্ৰতি খোজৰ 
নিৰ্মাণৰ 
ধ্বংসৰ
নতুন অভিলাষ নতুন অভিযোজন
নিত্য নৈমিত্তিক
শোষণ শাসনৰ পাকচক্ৰত 
হেৰাই উশাহ,পিয়াহৰ পানী, ভোকৰ ভাত
ঘৰতেই হৈ পৰে পৰ ।
নাই আপোন 
নাই মূৰৰ ওপৰত ভগা চালিখনো।
আধুনিক সময়ে আদিম কৰা জীৱন
আধুনিক সময়
আধুনিক প্ৰযুক্তি
আদিম খাৰখোৱাৰ মগজু!
অস্তিত্বহীন এই নগৰ 
কৰাল মৰা তেজেৰে তুমুৰলি এই চহৰ
চুলিৰ আগত জীৱ লৈ
হেৰুৱা অস্তিত্বৰ বিচাৰি 
হেৰায় কত জীৱন
হেৰাই যোৱা সময়ত সপোনৰ পোখা জানো গজে!
ক'লা পৰা হৃদপিণ্ডৰ
মৃত মনৰ জীৱন্ত শৰীৰ !

(দুমহীয়া আলোচনী "অভ্যুদয়" মে-জুন, ২০২৪ ত প্ৰকাশিত)
কলৰৱ

কলৰৱ

খোজৰ লেখেৰে

খোজৰ লেখেৰে খোজৰ জোখাৰে শব্দবোৰ নাই ইতিবাচক নেতিবাচক বুলিও নাই উশাহৰ শব্দবোৰ যেতিয়া সুৰ হৈ বাজে কলিজাৰ কঁপনিতো ভাঙি পৰে হেৰাই যোৱা নিৰৱতা স...