পৰিত্যক্ত
July 31, 2024 ·কলৰৱ
মাধুৰ্য্য ফুকন
ফাগুনৰ তলভৰা শুকান পাতৰ মায়াত
প্ৰণয়ৰ পাখি লগাই,
গতিশীল মনৰ স্থবিৰতা আঁকে
পৰিত্যক্ত হৃদয় গহ্বৰত
বৈ যায়
আনহক বীৰ্য্যৰ নৈ
বিফলতাৰ হাতুৰীৰ কোবত চিটিকি পৰিছে
ভাগি পৰা জীৱনৰ টুকুৰা বোৰ
অভেদ্য সময়ৰ কঠোৰ হাতেৰে
মোহাৰি পেলাইছে হেৰুৱা সময়ৰ খোজ
শব্দৰ কোলাহলত
বাংময় শব্দ
সাল জুৰে নতুন সপোনৰ
পানীৰ তলত বহি চকুলো টুকি
কোলাহলৰ মাজত বিচাৰে
পৰিত্যক্ত প্ৰাণৰ স্পন্দন!
(দুমহীয়া আলোচনী "অভ্যুদয়" মে-জুন, ২০২৪ ত প্ৰকাশিত)
কলৰৱ
একে বিষয়ৰ ৰচনা
নতুন ৰচনাৰ খবৰ পাবলৈ
নতুন কবিতা আৰু অনুবাদ প্ৰকাশ হোৱাৰ লগে লগে জানিবলৈ যোগাযোগ ৰাখক।
ইমেইলৰে যোগাযোগ কৰক
বৈশিষ্ট্যপূৰ্ণ ৰচনা
আয়োজন
তৰা এটা বিচাৰি বিচাৰি বুদ্ধৰ ঘৰ ওলালোঁ গৈ বুদ্ধৰ ঘৰত তপত শিল এচতাত বহি আগ পিছ ভাবি থাকোঁতেই শিলচতা ক্ষয় গ’ল। দেখিলোঁ, সন্মু...
September 16, 2026