মূল:संविधान,पाश
অনুবাদ: মাধুৰ্য্য ফুকন
নিহত হৈছে এই কিতাপখন
কিয় পঢ়িব লাগে নিহত কিতাপখন
যাৰ প্ৰতি শব্দই কয় মৃত শান্তিৰ কথা
আৰু
যাৰ প্ৰতি পৃষ্ঠাই জীৱনৰ শেষ মূহুৰ্তৰ দৰে ভয়াল
এই কিতাপখন যেতিয়া ৰচনা কৰা হৈছিল
তেতিয়া মই পশু আছিলোঁ
নিদ্ৰামগ্ন পশু
আৰু
যেতিয়া সাৰ পালো
মই মানুহ হোৱালৈ
মৃত্যু হৈছিল এই গ্ৰন্থৰ
এতিয়া যদি পঢ়ে পশুলৈ পৰ্যবসিত হ'ব
নিদ্ৰামগ্ন পশু লৈ
সকলোৱে জানেই
শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে!