Sep 2, 2023

নিঃসংগ নগৰ


মূল:वह शहर अकेला था / মুন মুন সৰকাৰ শইকীয়া

অনুবাদ: মাধুৰ্য্য ফুকন


নিঃসংগ আছিল এই নগৰ

তাতকৈ ও নিঃসংগ মই

কোনে ভাৱিছিল

জীৱনটো যে সময়ৰ আৱেস্তনিত আৱদ্ধ হৈ পৰিব


কোনে ভাৱিছিল 

দুনাই উভতি নাহে  সুখবোৰ দুবাহু মেলি

কোনে ভাৱিছিল

প্ৰতি ক্ষণে প্ৰতি পলে ৰং সলাই যাব সময়ে

কোনে ভাৱিছিল

নিৰ্জন পথত মৃত বিসঙ্গমে কলৰৱ তুলিব

মই এই নিঃসংগ নগৰৰ 

এজন নিঃসংগ নাগৰিক

শ শ পৃষ্ঠাৰ জীৱনৰ কিতাপখন সমাৰি

বিচাৰোঁ সুখী হোৱাৰ স্থল

বিচাৰোঁ জীয়াই থকাৰ সম্বল

কোনে ভাৱিছিল

এদিন পৃষ্ঠাবোৰেই বিচ্ছিন্ন হৈ পৰিব ।

Aug 31, 2023

আটাইতকৈ বিপজ্জনক


মূল: सबसे ख़तरनाक / पाश

অনুবাদ:  মাধুৰ্য্য ফুকন


শ্ৰমৰ লুণ্ঠন আটাইতকৈ বিপজ্জনক নহয়

পুলিচৰ লাঠীৰ কোব কিংবা বিশ্বাসঘাটকতা আৰু লালসাৰ পৰিণাম ‌

আটাইতকৈ বিপজ্জনক নহয়।

হ'ব পাৰে উদ্বেগজনক 

বিনাদোষে শাস্তি  পোৱা

ভয়ৰ অন্ধকাৰত কণ্ঠ ৰুদ্ধ হৈ অহা

আটাইতকৈ বিপজ্জনক নহয়

সত্যৰ যুগুত থাকিও বেইমান দুনীয়াৰ ভীৰত

হেৰাই যোৱা 

হ'ব পাৰে উদ্বেগজনক 

ধিমিক ধামাক জোনাকীৰ পোহৰত পঢ়া

হাতৰ মুঠিত ৰৈ যোৱা পানীৰ দৰে 

সময় উলিওৱা

হ'ব পাৰে উদ্বেগজনক

আটাইতকৈ বিপজ্জনক নহয়।


মৃত শান্তিৰে চৌপাশ নিজম যোৱা 

আটাইতকৈ বিপজ্জনক

প্ৰজ্ঞা আৰু চেতনা টোপনিত ঢলি পৰা

সকলোবোৰ চকু মুদি সহন কৰিযোৱা

ঘৰৰ পৰা কামলৈ যোৱা আৰু কামৰ পৰা ঘূৰি অহা

আটাইতকৈ বিপজ্জনক

আমাৰ সপোনবোৰ শূণ্যত বিলীন হৈ যোৱা

আটাইতকৈ বিপজ্জনক  

আপোনাৰ হাতৰ সেই ঘড়ী

যি চলি থাকিও আপোনাৰ দৃষ্টিত স্তব্ধ হৈ থাকে।


আটাইতকৈ বিপজ্জনক সেই নেত্ৰ

যাৰ দৃষ্টিয়ে পাহৰি যায় এই ধাৰাক চেনেহৰ পৰশে চুমিবলৈ

আৰু

যি হেৰাই যায় তৰল অনুবৃত্তিক ক্ৰমত।


আটাইতকৈ বিপজ্জনক সেই গীত 

যি পঢ়া যায় শোকগাঁথাৰ দৰে

আতংকিত লোকৰ দুৱাৰ মুখত

গুণ্ডাৰ দৰে আটাহ পাৰে।

আটাইতকৈ বিপজ্জনক সেই চন্দ্ৰমা

যি প্ৰতি হত্যাকাণ্ডৰ পিছত

নিজম পৰা বাগিচাৰ মাজেৰে বিচৰণ কৰে

কিন্তু

সেয়া অগোচৰেই ৰৈ যায়

পানীৰ তলৰ কাঁইটৰ দৰে

জলকীয়াৰ দৰেই আপোনাৰ চকুত নপৰে।


আটাইতকৈ বিপজ্জনক সেই দিশ

য'ত আত্মাৰ সূৰ্য্য ডুব যায়।

আৰু

যাৰ মৃত পোহৰৰ কোনো কিৰণে 

ভেদি যায় বুকুৰ পূৰ্ব দিশ।


শ্ৰমৰ লুণ্ঠন আটাইতকৈ বিপজ্জনক নহয়

পুলিচৰ লাঠীৰ কোব কিংবা বিশ্বাসঘাটকতা আৰু লালসাৰ পৰিণাম 

আটাইতকৈ বিপজ্জনক নহয়।




Aug 29, 2023

প্ৰত্যাহ্বান


 মূল: বাংলা ভাষাৰ "চ্যালেঞ্জ" / মুন মুন সৰকাৰ শইকীয়া

অনুবাদ: মাধুৰ্য্য ফুকন


ক'ত জনে ভীৰ ফালি ঠেলা হেঁচা খাই ট্ৰেইন,বাছত।

ক'ত জনে নামি আহে

আৰু ক'ত জন হেৰাই যায় ভীৰৰ মাজত।

কেইজনক মনত ৰখা হয় এই বৰ্ধিত ভীৰত।


ক'ত লোকে খেতি কৰে এই ভূমিত

আমাক অন্ন যোগাৰ দিবলৈয়ে

নিজে পেটৰ ভোকত জ্বলি

তৃষ্ণাত আতোৰ হৈ মৰে 

কেইজনক মনত ৰাখিছোঁ এই সকলৰ হে

ৰাই যায় কালৰ অটল গহ্বৰত।


আত্মকেন্দ্ৰিকতাৰে সংকোচিত আমাৰ মনোজগত।নিজৰ সুখ-দুখ, জ্বালা-যান্ত্ৰৰহিচাপ নিকাচৰ অংক সমাধানতেই বিভোৰ।অসাধাৰণ ভাবে সাধাৰণ জনতা।


আমি ভাতৰ পাতত বহিছো

এফাল খাইছো এফাল এৰিছো

দলিয়াই দিছোঁ অনায়াসে

আৰু দিন নাবাগৰোতেই আত্মঘাতী হৈছে কৃষক।


অৰু 

যেতিয়া নানান প্ৰত্যাহ্বান আগলৈ আহে

কোনোৱে হাঁহে,

কোনোৱে কান্দে,

কোনোৱে চচিয়েল মিডিয়া ডুবাই দিয়ে আবেগৰ বানত।


ক'ত জন কৃষক হ'ব পাৰিলে হেতেন !

কিন্তু চচিয়েল মিডিয়াত কৃষক জুনিয়ৰ আৰ্টিষ্ট

আৰু আমিবোৰ চেলিব্ৰিটী।

সংবিধান

মূল:संविधान,पाश অনুবাদ: মাধুৰ্য্য ফুকন নিহত হৈছে এই কিতাপখন কিয় পঢ়িব লাগে নিহত কিতাপখন যাৰ প্ৰতি শব্দই কয় মৃত শান্তিৰ কথা আৰু...

Popular