বাটৰ কাঁইটবোৰ ৰৈ আছে
মোৰ অপেক্ষাত
প্ৰতি দিনে আহি
নিঃসংগতাৰ সংগী হৈ
মোৰ লগে লগেই সিহঁতো
গৈ আছে ছাঁ-পোহৰ হৈ
দুবাহুৰে আকোঁৱালি
উষ্ম আলিংগন আঁউশী ৰাতিৰ
হঠাতে বাট ভেটি ধুমুহাজাকে
নিৰলাই জীৱনৰ বাট
দিনৰ পিছত দিন বাগৰি গৈ আছে
আজিও যে ঘাটত লগা নাই নাওখনি
খোজৰ ধূলিবোৰো গতি লাগিল
আঘোণৰ ভৰপক ধাননিত
মামৰ ধৰা কাঁচিখনো চিকুণ হ’ল
কোনোবা কাহানিতে মেলি দিয়া নাওখন
আজিও ঘাটত লগা নাই
কোনোৱে হেনো দেখিছিল
দিহিঙৰ ঘাটত জিৰণি লোৱা!
পোৱা হ’লে এবাৰ সাক্ষাৎ
সুধিলো হেঁতেন
কিয় দিনে দিনে দূৰ হৈ গৈ আছে
ছাঁ-পোহৰ
দুচকুৰ পৰা
হেৰাই গৈছে
মুখৰ শব্দ
শুকাই গৈছে নদীৰ উদৰ
পোৱা হ’লে এবাৰ সাক্ষাৎ
কিয়বা দূৰলৈ গৈ গৈছে
দেখুৱালো হেঁতেন প্ৰতিবিম্ব
শূণ্য অভিনয়ৰ!