স্থাপন কৰা হৈছিল গণতন্ত্ৰৰ চাৰিটা স্তম্ভ।
কাৰ্যপালিকা,আইন পালিকা, ন্যায়পালিকা, সংবাদ মাধ্যম
একেজাক ধুমুহাতে তচনচ হৈ গ'ল আজি
১ম স্তম্ভগণ কোৱাচোন তুমি
কেতিয়াবা যে তুমি শপত খাইছিলা
"সদৰক্ষণায়,খলনিগ্ৰহণায়"
ভালৰ সুৰক্ষা, বেয়াৰ নিবাৰণ
শান্তক পালন, দুষ্টক দমন
কি তাত ৰাতি ৰাতিৰ ভিতৰতে ছোৱালীজনীক
জ্বলাবলৈও লিখা আছিল নেকি?
কিয় আজি অসহায় সেই ভাটৌৰ দৰে
যি এতিয়া উন্মুক্ত সঁজাতো ভয়াৰ্ত!
মানি লৈছো এতিয়া তোমাৰ সঁজাত
সৰ্পে মেৰিয়াই ধৰিছে ।
কিন্তু তুমি নিজেই ভক্ষক হৈ খোটিবা
এয়া কোনে কয়?
দ্বিতীয় স্তম্ভত কুণ্ডলী মাৰি বহি থকা তক্ষক গণ
এতিয়া তোমাৰ বিষয়ে কিনো ক'ম আৰু
তোমাক বাচনি কৰা বা পছন্দ কৰা, হবচনৰ পছন্দৰ দৰে কথা।
প্ৰত্যেক পাঁচ বছৰ মগজ খটাব লাগে কোনোটোৱে কমকৈ খোটিব।
আৰু তুমি চতুৰ্থ স্তম্ভগণ
আমি তোমাৰ পৰাটো আশাই এৰিলোঁ।
ব্ৰেকিং ব্ৰেকিং কৰি কৰি
তুমি নিজ স্তম্ভৰ বুনিয়াদেই ব্ৰেক কৰি দিলা।
আমি তোমাক ৰাখিছিলোঁ
নগ্ন ৰাজক আইনা দেখুৱাবলৈ
কিন্তু তেওঁলোকৰ নগ্নতাক নতুন ফেশ্বন বুলি কৈ
জনগণকেই অন্ধ বুলি ক'বলৈ ধৰিলা।
গেলা পঁচা আৱৰ্জনাৰে সংস্পৃক্ত শগুনৰ জাক
তঁহতে ইটোৱে সিটোক আঁজুৰি থাক
কোন কাতকৈ স্বচ্ছ, বগা
এই ডিটাৰজেণ্টৰ যুঁজ দি থাকা
তুমি সৰ্পমণ্ডলীক ৰক্ষা কৰা, য'তেই পোৱা মাংস আজুঁৰি খাই থাকা
কিন্তু হয়, অলপ ভোক বাকী ৰাখিবা
কেইমূহুৰ্তমান হে বাকী গণতান্ত্ৰৰ মৃত্যুলৈ
সবাহৰ ভাজি ভালকৈ খাইহে যাবা কিন্তু।
সৰ্পমণ্ডলী, শগুণ আৰু ভাটৌ জাকৰ মাজৰ ৰেখা তন্ত্ৰৰ মাজত
থিয় হৈ আছে তৃতীয় স্তম্ভ
আটাইতকৈ শক্তিশালী স্তম্ভ
সঁচা ক'বলৈ গ'লে
তোমাৰ বিষয়ে যিকোনো কথা ক'বলৈ সমীহ কৰোঁ।
আজিকালি আপুনি বহুত স্পৰ্শকাতৰ
সৰ্পমণ্ডলী, শগুন আৰু ভাটৌৰ জাকক
বাৰু আমি সহি যাম
কিন্তু মই যদি আপোনাক কওঁ
এই যে সৰ্পমণ্ডলীৰ ফেনা বাঢ়িছে
কিয়নো আপুনি আজিকালি ফেঁচাৰ দৰে
লজ্জাত ইফাল সিফাল চাই থাকে
ভগৱানৰ কৃপাত, আপুনি তেওঁলোকক আক্ষৰিক অৰ্থত ল'ব
আকৌ মোৰ ওপৰত অৱমাননাৰ গোচৰ জাপি দিব
কিন্তু মাহামহিম মোৰ কবিতা কোনো বিদ্ৰুপ অথবা পৰিহাস নহয়।
আপোনাক সোঁৱৰাই দিয়াৰ
এক প্ৰয়াস হে মাথোঁ
এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত আপুনিয়েই ৰজা
আপুনিয়েই ধৰ্ম গুৰু
আপুনিয়েই আমাৰ শেষ আশা
আপোনাৰ স্তম্ভ খহি পৰিবলৈ নিদিব।
বাকী সৰ্পমণ্ডলী, শগুন আৰু ভাটৌৰ জাকক আমি চাই ল'ম।