Dec 5, 2023

মৰুভূমিৰ সপোন


মাধুৰ্য্য ফুকন 

কেতিয়া ৰুক্ষ হ'ল এই ঠাই 

সেউজীয়াবোৰ ক'ত হেৰাল

কোন বা দায়ী

আছিল জানো কল্পনাৰ দৰে 

তই আচৰিত হৈছ নেকি

নাই !


এয়া মধ্যবিত্তীয় জ্বৰ 

এই ব্যাধি চৌদিশে 

সোঁৱে বাওঁৱে মধ্যে

সেউজীয়াবোৰ গিলি আহিছে দেৱতা গণে

সোৱণশিৰিৰ পানীয়েও পিঁয়াহ পলোৱা নাই জনৰ-গণৰ

জন-গণ-মন গেৰুৱা বন্ধনত!


প্ৰথম বিশ্বৰ দেশ ভাৰতৰ সপোনত!


দানবীৰ কৰ্ণ হৈ নাম বিচাৰি 

দয়াশীল কৰুণাৰ সাগৰ

শিশুক শ্ৰমিক কৰি 

ভোকৰ ভাত কাঢ়ি 

বিলাস বিভোৰ গণ


মন্দিৰে মছজিদে দান দি 

পূ্ণ্যব্ৰত মহামানৱ

শূণ্য কৰি জ্ঞানৰ ভঁৰাল 

আসক্তিত নিমৰ্জিত

মূল্যহীন শ্ৰম

মূল্যহীন প্ৰেম

মাথোঁ মিছা নাম


জনে কয় গণে কয় 

চিধা ৰাস্তা নৰকৰ দ্বাৰ

স্বৰ্গৰ ৰাস্তা তেৰা বেকা 

মিঠা মাতৰ কুটিলতাৰে ভৰা

সেয়ে স্বৰ্গতহে ফুলে পাৰিজাত 


দেৱতা বা কোন 

অসুৰ বা কোন 

কোনে বা কৰিছিল এই বিভাজন

কাৰ স্বাৰ্থত হৈছিল এই বিভাজন

প্ৰকৃততে আছিল নে অসুৰ?


অসুৰ কোনোদিন অসুৰ নাছিল

অসুৰ নামৰ এটা প্ৰলেপ সানি দিয়া হৈছিল

যি কুটিল,নিষ্ঠুৰতাৰ পথে যোৱা নাছিল

এয়া আছিল মানৱতাৰ মৃত্যুৰ প্ৰথম খোঁজ


নিজৰ দোষ আনৰ গাত জাপি  

গংগাৰ বুকুত স্নান কৰি 

শিশু যেন নিষ্পাপ 

সেয়ে ৰুক্ষ এই ঠাই

জীৱিত থাকিও মৃত এই ঠাই।


সংবিধান

মূল:संविधान,पाश অনুবাদ: মাধুৰ্য্য ফুকন নিহত হৈছে এই কিতাপখন কিয় পঢ়িব লাগে নিহত কিতাপখন যাৰ প্ৰতি শব্দই কয় মৃত শান্তিৰ কথা আৰু...

Popular