Dec 20, 2024

অভিনয়

মাধুৰ্য্য ফুকন

বাটৰ কাঁইটবোৰ ৰৈ আছে
মোৰ অপেক্ষাত
প্ৰতি দিনে আহি
নিঃসংগতাৰ সংগী হৈ
মোৰ লগে লগেই সিহঁতো 
গৈ আছে ছাঁ-পোহৰ হৈ
দুবাহুৰে আকোঁৱালি
উষ্ম আলিংগন আঁউশী ৰাতিৰ
হঠাতে বাট ভেটি ধুমুহাজাকে
নিৰলাই জীৱনৰ বাট

দিনৰ পিছত দিন বাগৰি গৈ আছে
আজিও যে ঘাটত লগা নাই নাওখনি
খোজৰ ধূলিবোৰো গতি লাগিল
আঘোণৰ ভৰপক ধাননিত 
মামৰ ধৰা কাঁচিখনো চিকুণ হ’ল
কোনোবা কাহানিতে মেলি দিয়া নাওখন
আজিও ঘাটত লগা নাই 
কোনোৱে হেনো দেখিছিল
দিহিঙৰ ঘাটত জিৰণি লোৱা!
পোৱা হ’লে এবাৰ সাক্ষাৎ
সুধিলো হেঁতেন
কিয় দিনে দিনে দূৰ হৈ গৈ আছে
ছাঁ-পোহৰ
দুচকুৰ পৰা 
হেৰাই গৈছে 
মুখৰ শব্দ 
শুকাই গৈছে নদীৰ উদৰ 
পোৱা হ’লে এবাৰ সাক্ষাৎ
কিয়বা দূৰলৈ গৈ গৈছে
দেখুৱালো হেঁতেন প্ৰতিবিম্ব 
শূণ্য অভিনয়ৰ!






















সত্তা

মূল: অবতাৰ সিং সন্ধু  (পাচ)ৰ " ঘাঁহ
অনুবাদ: মাধুৰ্য্য ফুকন 

মই সেই সত্তা
যিতোমাৰ প্ৰতি খুজত প্ৰতি উশাহত  ভাসমান।
তুমি বিশ্ববিদ্যালয়ত ব'ম দিয়া
হোষ্টেল বোৰ জাৱৰৰ দ'ম বনোৱা
সিহঁতক সোণৰ সপোন দেখুওৱা
যি কৰা,মোৰ কি কৰিবা
মই যে অবিনশ্বৰ সকলোতেই ভাসমান

জনতাৰ কণ্ঠ  ৰুদ্ধ কৰা
ধুলিসাৎ কৰা এই ঠাই
ধুলিসাৎ কৰা এই দেশ

তুমি যিয়েই নকৰা লাগে
মোৰ ৰূপিত সেই  বীজে তাৰ কাম কৰিব।
সময়ৰ কিছু অন্তৰৰ পিছত
আকৌ এদিন নতুন পুৰুষে কোনো চালকক  সুধিব
এই খন কোন ঠাই
মোক সেই ঠাইত নমাই দিবা
য'ত সেউজীয়া ঘাঁহৰ অৰণ্য আছে।

মই  সেই সত্তা 
যি তোমাৰ প্ৰতি খোজত প্ৰতি উশাহত ভাসমান।

মৰা শ!

মূল-জেচিণ্টা কেৰ্কেটা(जसिंता केरकेट्टा)
অনুবাদ: মাধুৰ্য্য ফুকন 

অক্সিজেনৰ অভাৱত
নিঃশেষ হৈ গ'ল বহু নদী
অগোচৰে থাকি গ'ল
নদীৰ মৃত্যু।
পানীত মৰা শ‌বোৰ ভাঁহি ফুৰাৰ দৰেই
অপৰাধবোৰ ভাঁহি আছে আজিও!
মৃত নদীৰ পানীত মৰা শবোৰে
স্নান কৰিলেই
নিস্কাষিত নহয় এই ধাৰা।
যিদিনা অক্সিজেনৰ অভাৱত
সকলো নদীৰ মৃত্যু হ'ব
মৰা শৰ দৰেই উপঙি থাকিব সভ্যতাৰ মৃত শৰীৰ!
কেৱল নদীয়ে হে জানে
নদীৰ মৃত্যু মানে সভ্যতাৰো মৃত্যু!

মূল্য

মূল: আছে মানুষ, নেই মানুষ 
--তসলিমা নাসরিন 
অনুবাদ: মাধুৰ্য্য ফুকন


মানুহ যি হয়,সেয়া় নহয়ো
ইয়াত যি আছিল এতিয়া আৰু নাই তাৰ অস্তিত্ব
যি আছে তাৰো নাথাকিব কোনো অস্তিত্ব
না তোমাৰ 
না আমাৰ

আমাৰ চালৰ ঘৰ্মগ্ৰন্থিৰে গজি উঠিব ঘাঁহ
আকাশৰ সীমনা চুমি গজি উঠিব কৃষ্ণচূড়া
আৰু কোনো কোনো লোকৰ হাড়তেই
গঢ়ি উঠিছে সাত তলাৰ দালান।
এই দালানত যি সঞ্জীৱনী জল চতিয়াব
সিও এদিন পৰিণত হ'ব আম, জামু আৰু কৰদৈ পুলিৰ সাৰলৈ।

ইয়াত যি আছিল ইয়াতেই আছে 
ইয়াত যি নাই তাতো নাই 
ইয়াত যি নাই কতো নাই

নিৰ্জন অন্ধকাৰত যিসকল হেৰাইছে
কতো সন্ধান হোৱা নাই তেওঁলোকৰ।
মানুহৰ ভীৰত  
হেৰাই গৈছে জীৱনৰ মূল্য।

Jul 31, 2024

পৰিত্যক্ত

মাধুৰ্য্য ফুকন 

ফাগুনৰ তলভৰা শুকান পাতৰ মায়াত 
প্ৰণয়ৰ পাখি লগাই,
গতিশীল মনৰ স্থবিৰতা আঁকে 
পৰিত্যক্ত হৃদয় গহ্বৰত
বৈ যায় 
আনহক বীৰ্য্যৰ নৈ
বিফলতাৰ হাতুৰীৰ কোবত চিটিকি পৰিছে 
ভাগি পৰা জীৱনৰ টুকুৰা বোৰ
অভেদ্য সময়ৰ কঠোৰ হাতেৰে
মোহাৰি পেলাইছে হেৰুৱা সময়ৰ খোজ
শব্দৰ কোলাহলত
বাংময় শব্দ 
সাল জুৰে নতুন সপোনৰ
পানীৰ তলত বহি চকুলো টুকি
কোলাহলৰ মাজত বিচাৰে
পৰিত্যক্ত প্ৰাণৰ স্পন্দন!

(দুমহীয়া আলোচনী "অভ্যুদয়" মে-জুন, ২০২৪ ত প্ৰকাশিত)

Jul 30, 2024

পুতলা নাচ

মাধুৰ্য্য ফুকন 

নাঙলৰ শিৰলুত ফাতমেলা 
বোকা মাটিৰ গোন্ধত গজি উঠা কাহিনী বোৰ 
চৰকাৰী আচঁনিৰ হেঁচাত সোপা মাৰি ধৰিছে 
হৃদপিণ্ডৰ গতিয়ে বেগ ধৰিছে 
ঋণৰ মুকুতা বুতলি 
আবেগৰ পুখুৰীত সাঁতুৰি  
বিচনতা বাগৰ সলাই 
বহু পথ অতিক্ৰমি পপীয়া তৰাটো
ৰাতিৰ আন্ধাৰতো, দিনৰ পোহৰতো তিৰবিৰাই
কথাৰ কথাবোৰ যে দিনৰ পোহৰতে হেৰাই

বোকা মাটিৰ সপোনত কংক্ৰিতৰ প্ৰলেপ লগাই
উন্নপুতলা নাচ

নাঙলৰ শিৰলুত ফাতমেলা 
বোকা মাটিৰ গোন্ধত গজি উঠা কাহিনী বোৰ 
চৰকাৰী আচঁনিৰ হেঁচাত সোপা মাৰি ধৰিছে 
হৃদপিণ্ডৰ গতিয়ে বেগ ধৰিছে 
ঋণৰ মুকুতা বুতলি 
আবেগৰ পুখুৰীত সাঁতুৰি  
বিচনতা বাগৰ সলাই 
বহু পথ অতিক্ৰমি পপীয়া তৰাটো
ৰাতিৰ আন্ধাৰতো, দিনৰ পোহৰতো তিৰবিৰাই
কথাৰ কথাবোৰ যে দিনৰ পোহৰতে হেৰাই

বোকা মাটিৰ সপোনত কংক্ৰিতৰ প্ৰলেপ লগাই
উন্নতি ৰ জখলা বান্ধে অভজা ইঞ্জিনিয়াৰে
গায়ন বায়নৰে ঢাক ঢোল বাজাই
ইতিহাসৰ গৱেষণা কৰে 
নকৈ লিখাযায় সোণৰ পানীৰ ৰূপৰ কথা

শিঁয়ালৰ সঁফুৰা সজাই
অষ্ট্ৰোপচাৰ চলাই মগজুৰ
আচঁনিৰ পাহাৰ বনাই নিৰ্বাচনৰ প্ৰচাৰ চলায়
পুৰণিক নতুন নামেৰে সজাই 
আধুনিকা তাই প্ৰগতিৰ-উন্নতিৰ
দুচকুৰে বোৱাই নামদাংৰ ধল

আতুৰ প্ৰজাক ঋণৰ মুকুট পিন্ধাই
থৰকবৰক ভঙা জখলাত উঠাই
সপোনৰ ছবি আঁকি
পুতলা নচুৱাই  
বিলস বিভোৰ 
এই সময়তি ৰ জখলা বান্ধে অভজা ইঞ্জিনিয়াৰে
গায়ন বায়নৰে ঢাক ঢোল বাজাই
ইতিহাসৰ গৱেষণা কৰে 
নকৈ লিখাযায় সোণৰ পানীৰ ৰূপৰ কথা

শিঁয়ালৰ সঁফুৰা সজাই
অষ্ট্ৰোপচাৰ চলাই মগজুৰ
আচঁনিৰ পাহাৰ বনাই নিৰ্বাচনৰ প্ৰচাৰ চলায়
পুৰণিক নতুন নামেৰে সজাই 
আধুনিকা তাই প্ৰগতিৰ-উন্নতিৰ
দুচকুৰে বোৱাই নামদাংৰ ধল

আতুৰ প্ৰজাক ঋণৰ মুকুট পিন্ধাই
থৰকবৰক ভঙা জখলাত উঠাই
সপোনৰ ছবি আঁকি
পুতলা নচুৱাই  
বিলস বিভোৰ 
এই সময়।

(দুমহীয়া আলোচনী "অভ্যুদয়" মে-জুন, ২০২৪ ত প্ৰকাশিত)

Jul 29, 2024

অস্তিত্ব


 মাধুৰ্য্য ফুকন 

ধৰ্মৰ খেতিত বিভাজনৰ শস্য কৰি 
মুনাফাৰ ফচল তুলি টনকিয়াল এই ঠাই
ইয়াত মূল্যবান প্ৰাণহীন শিল বা কংক্ৰিতৰ মূৰ্তি  
ইয়াত মূল্যহীন জীৱন্ত মূৰ্তি
জীৱন্ত মূৰ্তিৰ সৌজন্যতে প্ৰাৰম্ভ 
প্ৰতি খোজৰ 
নিৰ্মাণৰ 
ধ্বংসৰ
নতুন অভিলাষ নতুন অভিযোজন
নিত্য নৈমিত্তিক
শোষণ শাসনৰ পাকচক্ৰত 
হেৰাই উশাহ,পিয়াহৰ পানী, ভোকৰ ভাত
ঘৰতেই হৈ পৰে পৰ ।
নাই আপোন 
নাই মূৰৰ ওপৰত ভগা চালিখনো।
আধুনিক সময়ে আদিম কৰা জীৱন
আধুনিক সময়
আধুনিক প্ৰযুক্তি
আদিম খাৰখোৱাৰ মগজু!
অস্তিত্বহীন এই নগৰ 
কৰাল মৰা তেজেৰে তুমুৰলি এই চহৰ
চুলিৰ আগত জীৱ লৈ
হেৰুৱা অস্তিত্বৰ বিচাৰি 
হেৰায় কত জীৱন
হেৰাই যোৱা সময়ত সপোনৰ পোখা জানো গজে!
ক'লা পৰা হৃদপিণ্ডৰ
মৃত মনৰ জীৱন্ত শৰীৰ !

(দুমহীয়া আলোচনী "অভ্যুদয়" মে-জুন, ২০২৪ ত প্ৰকাশিত)

সংবিধান

মূল:संविधान,पाश অনুবাদ: মাধুৰ্য্য ফুকন নিহত হৈছে এই কিতাপখন কিয় পঢ়িব লাগে নিহত কিতাপখন যাৰ প্ৰতি শব্দই কয় মৃত শান্তিৰ কথা আৰু...

Popular