Jul 30, 2024

পুতলা নাচ

মাধুৰ্য্য ফুকন 

নাঙলৰ শিৰলুত ফাতমেলা 
বোকা মাটিৰ গোন্ধত গজি উঠা কাহিনী বোৰ 
চৰকাৰী আচঁনিৰ হেঁচাত সোপা মাৰি ধৰিছে 
হৃদপিণ্ডৰ গতিয়ে বেগ ধৰিছে 
ঋণৰ মুকুতা বুতলি 
আবেগৰ পুখুৰীত সাঁতুৰি  
বিচনতা বাগৰ সলাই 
বহু পথ অতিক্ৰমি পপীয়া তৰাটো
ৰাতিৰ আন্ধাৰতো, দিনৰ পোহৰতো তিৰবিৰাই
কথাৰ কথাবোৰ যে দিনৰ পোহৰতে হেৰাই

বোকা মাটিৰ সপোনত কংক্ৰিতৰ প্ৰলেপ লগাই
উন্নপুতলা নাচ

নাঙলৰ শিৰলুত ফাতমেলা 
বোকা মাটিৰ গোন্ধত গজি উঠা কাহিনী বোৰ 
চৰকাৰী আচঁনিৰ হেঁচাত সোপা মাৰি ধৰিছে 
হৃদপিণ্ডৰ গতিয়ে বেগ ধৰিছে 
ঋণৰ মুকুতা বুতলি 
আবেগৰ পুখুৰীত সাঁতুৰি  
বিচনতা বাগৰ সলাই 
বহু পথ অতিক্ৰমি পপীয়া তৰাটো
ৰাতিৰ আন্ধাৰতো, দিনৰ পোহৰতো তিৰবিৰাই
কথাৰ কথাবোৰ যে দিনৰ পোহৰতে হেৰাই

বোকা মাটিৰ সপোনত কংক্ৰিতৰ প্ৰলেপ লগাই
উন্নতি ৰ জখলা বান্ধে অভজা ইঞ্জিনিয়াৰে
গায়ন বায়নৰে ঢাক ঢোল বাজাই
ইতিহাসৰ গৱেষণা কৰে 
নকৈ লিখাযায় সোণৰ পানীৰ ৰূপৰ কথা

শিঁয়ালৰ সঁফুৰা সজাই
অষ্ট্ৰোপচাৰ চলাই মগজুৰ
আচঁনিৰ পাহাৰ বনাই নিৰ্বাচনৰ প্ৰচাৰ চলায়
পুৰণিক নতুন নামেৰে সজাই 
আধুনিকা তাই প্ৰগতিৰ-উন্নতিৰ
দুচকুৰে বোৱাই নামদাংৰ ধল

আতুৰ প্ৰজাক ঋণৰ মুকুট পিন্ধাই
থৰকবৰক ভঙা জখলাত উঠাই
সপোনৰ ছবি আঁকি
পুতলা নচুৱাই  
বিলস বিভোৰ 
এই সময়তি ৰ জখলা বান্ধে অভজা ইঞ্জিনিয়াৰে
গায়ন বায়নৰে ঢাক ঢোল বাজাই
ইতিহাসৰ গৱেষণা কৰে 
নকৈ লিখাযায় সোণৰ পানীৰ ৰূপৰ কথা

শিঁয়ালৰ সঁফুৰা সজাই
অষ্ট্ৰোপচাৰ চলাই মগজুৰ
আচঁনিৰ পাহাৰ বনাই নিৰ্বাচনৰ প্ৰচাৰ চলায়
পুৰণিক নতুন নামেৰে সজাই 
আধুনিকা তাই প্ৰগতিৰ-উন্নতিৰ
দুচকুৰে বোৱাই নামদাংৰ ধল

আতুৰ প্ৰজাক ঋণৰ মুকুট পিন্ধাই
থৰকবৰক ভঙা জখলাত উঠাই
সপোনৰ ছবি আঁকি
পুতলা নচুৱাই  
বিলস বিভোৰ 
এই সময়।

(দুমহীয়া আলোচনী "অভ্যুদয়" মে-জুন, ২০২৪ ত প্ৰকাশিত)

Jul 29, 2024

অস্তিত্ব


 মাধুৰ্য্য ফুকন 

ধৰ্মৰ খেতিত বিভাজনৰ শস্য কৰি 
মুনাফাৰ ফচল তুলি টনকিয়াল এই ঠাই
ইয়াত মূল্যবান প্ৰাণহীন শিল বা কংক্ৰিতৰ মূৰ্তি  
ইয়াত মূল্যহীন জীৱন্ত মূৰ্তি
জীৱন্ত মূৰ্তিৰ সৌজন্যতে প্ৰাৰম্ভ 
প্ৰতি খোজৰ 
নিৰ্মাণৰ 
ধ্বংসৰ
নতুন অভিলাষ নতুন অভিযোজন
নিত্য নৈমিত্তিক
শোষণ শাসনৰ পাকচক্ৰত 
হেৰাই উশাহ,পিয়াহৰ পানী, ভোকৰ ভাত
ঘৰতেই হৈ পৰে পৰ ।
নাই আপোন 
নাই মূৰৰ ওপৰত ভগা চালিখনো।
আধুনিক সময়ে আদিম কৰা জীৱন
আধুনিক সময়
আধুনিক প্ৰযুক্তি
আদিম খাৰখোৱাৰ মগজু!
অস্তিত্বহীন এই নগৰ 
কৰাল মৰা তেজেৰে তুমুৰলি এই চহৰ
চুলিৰ আগত জীৱ লৈ
হেৰুৱা অস্তিত্বৰ বিচাৰি 
হেৰায় কত জীৱন
হেৰাই যোৱা সময়ত সপোনৰ পোখা জানো গজে!
ক'লা পৰা হৃদপিণ্ডৰ
মৃত মনৰ জীৱন্ত শৰীৰ !

(দুমহীয়া আলোচনী "অভ্যুদয়" মে-জুন, ২০২৪ ত প্ৰকাশিত)

Dec 5, 2023

মৰুভূমিৰ সপোন


মাধুৰ্য্য ফুকন 

কেতিয়া ৰুক্ষ হ'ল এই ঠাই 

সেউজীয়াবোৰ ক'ত হেৰাল

কোন বা দায়ী

আছিল জানো কল্পনাৰ দৰে 

তই আচৰিত হৈছ নেকি

নাই !


এয়া মধ্যবিত্তীয় জ্বৰ 

এই ব্যাধি চৌদিশে 

সোঁৱে বাওঁৱে মধ্যে

সেউজীয়াবোৰ গিলি আহিছে দেৱতা গণে

সোৱণশিৰিৰ পানীয়েও পিঁয়াহ পলোৱা নাই জনৰ-গণৰ

জন-গণ-মন গেৰুৱা বন্ধনত!


প্ৰথম বিশ্বৰ দেশ ভাৰতৰ সপোনত!


দানবীৰ কৰ্ণ হৈ নাম বিচাৰি 

দয়াশীল কৰুণাৰ সাগৰ

শিশুক শ্ৰমিক কৰি 

ভোকৰ ভাত কাঢ়ি 

বিলাস বিভোৰ গণ


মন্দিৰে মছজিদে দান দি 

পূ্ণ্যব্ৰত মহামানৱ

শূণ্য কৰি জ্ঞানৰ ভঁৰাল 

আসক্তিত নিমৰ্জিত

মূল্যহীন শ্ৰম

মূল্যহীন প্ৰেম

মাথোঁ মিছা নাম


জনে কয় গণে কয় 

চিধা ৰাস্তা নৰকৰ দ্বাৰ

স্বৰ্গৰ ৰাস্তা তেৰা বেকা 

মিঠা মাতৰ কুটিলতাৰে ভৰা

সেয়ে স্বৰ্গতহে ফুলে পাৰিজাত 


দেৱতা বা কোন 

অসুৰ বা কোন 

কোনে বা কৰিছিল এই বিভাজন

কাৰ স্বাৰ্থত হৈছিল এই বিভাজন

প্ৰকৃততে আছিল নে অসুৰ?


অসুৰ কোনোদিন অসুৰ নাছিল

অসুৰ নামৰ এটা প্ৰলেপ সানি দিয়া হৈছিল

যি কুটিল,নিষ্ঠুৰতাৰ পথে যোৱা নাছিল

এয়া আছিল মানৱতাৰ মৃত্যুৰ প্ৰথম খোঁজ


নিজৰ দোষ আনৰ গাত জাপি  

গংগাৰ বুকুত স্নান কৰি 

শিশু যেন নিষ্পাপ 

সেয়ে ৰুক্ষ এই ঠাই

জীৱিত থাকিও মৃত এই ঠাই।


Nov 22, 2023

ক্লান্ত পথিক

 মাধুৰ্য্য ফুকন 

বেলি লহিয়াই অহা পৰত
ঈষত হাঁহিৰে উপচি পৰিছে
কৃষ্ণচূড়াৰ তল
আবেলিৰ ৰাঙলী
আকাশ চাই  চাই
অসীমৰ সীমা বিচাৰি যোৱা কপৌ চৰাইটোৱে
কঢ়িয়াই নিছে সুখৰ এমুঠি  দুখৰ এমুঠি কাহিনী জয়াল এই সময়
যান্ত্ৰিকতা কৃত্ৰিমতাৰে

বাঁহীৰ কোমল সুৰে যেন
গভীৰ অৰণ্যত বাট হেৰুৱায়
অৰণ্যৰ নিৰ্জনতাক সাৱতি লৈ
থমকি ৰৈছে
অস্তিত্বৰ সন্ধানত।
কলঙৰ কলঙ্ক বুকুত লৈ
নিঃশব্দে খোজ দি 
সেউজী বনত জিৰাই
ক্লান্ত পথিক।

বাসনাৰ বীথিকা পাতি
কৈ যায় পৰাণৰ ৰীতি
দুয়ো দুয়োকে সাৱতি
কৃষ্ণচূড়াৰ আবিৰ লৈ
চুমি যায় পৰাণৰ পাহি!

Nov 16, 2023

শ্ৰমিক ....!

মাধুৰ্য্য ফুকন 

সৰ্বহাৰাৰ খোজে খোজে
বৈ যোৱা তেজৰ নৈত
গা পখালি চাঙত উঠিছিল
বুৰ্জোৱা
আজি দেখুন বুৰ্জোৱাৰ নাৱত
গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ।

ইতিহাসৰ ধূসৰতা লৈ
চকু মুদি কেনেকৈ জীয়াই থাকিব
গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ।

ধৰ্মীয় উন্মাদনাত বিলীন হৈ
খলিহৈৰ দৰে চেপেটা লাগিছে
মনবোৰ

ক্ষমতাৰ শিকলিৰ বান্ধোনত মনবোৰ
মৰহি অহা মন-মগজুত
নিশিপাই সেৱাৰ গজালি

শ্ৰমিক তেওঁ ও
শ্ৰমিক এওঁ ও
তেওঁ সুখী হয় দুখৰ বন্যা বোৱাই
আৰু
এওঁ দুখলৈ সুখৰ বন্যা বোৱাই!

Nov 12, 2023

গ্লানি

মাধুৰ্য্য ফুকন 

কলিজাত কৰাল মৰা কলিয়া ডাৱৰে
গোমাকৰি আনিছে ফৰকাল আকাশ।
চৰাইৰ কাকলিত মুখৰ ধুমুহাৰ প্ৰহৰ।
টোপল কাটি বৈ অহে চকুৰ লোটক,
মৰহা আবেলিত হেৰুৱা খোজৰ সন্ধানত।
মহাবাহুক আলিঙ্গন কৰি  
আঁতৰি যায় সময় খেদি
কুঁৱলিৰ আঁৰ হৈ 
পিন্ধিলৈ মুকুতা নিয়ৰৰ।
লাজুক লাজুক ভবত
ৰান্ধনী বেলিৰ ৰংত
লোটপোট হৈ হেৰাই যায় শুকুলা মেঘত।
কঁপি উঠা হাতৰ উৰুঙা তুলিকা
বাঢ়নী পানীৰ মাজত উপঙে ছাঁ ছবি
মহঙা আখল,উৱলা পজা
ভোকত মলঙা জীৱন।
শক্তিৰ আলমত শিকলিৰ বান্ধোনত 
কঢ়িয়াই গ্লানি পৰাধীন এই সময়
ইতিহাস ৰচি ।

Nov 9, 2023

স্বকীয়

মাধুৰ্য্য ফুকন

প্ৰতি শব্দত প্ৰতি আখৰত খুদিত
হৰ্ষ-বিষাদ বেদনাৰ জোৱাৰ
প্ৰতি খোজত 
প্ৰতি উশাহত বান্ধোন
নিময়ৰ,নীতিৰ অচিলাৰে।
কিয় খোজ দিয়া
নৰকৰ দ্বাৰত
কিয় চিঞৰি নুঠা?
কিয় বুজি নুঠা
তোমাৰ হাততেই 
তোমাৰ অস্তিত্ব! 
তোমাৰ মুক্তি 
তোমাৰেই হাতত!


Nov 6, 2023

সফলতা

 মাধুৰ্য্য ফুকন 

নিঃসংগতাৰ গভীৰতা ফালি

শিলৰ বুকত উমলি বৈ যায়
আবিঐ আহিনৰ ধল
নিশাৰ নিৰৱতা ভাঙি
কুৰুলিয়াই কৰুলিয়াই
সকিয়াই সাৰে আছʼনে?
উবাং বাং পথাৰ খনৰ
সেউজীয়া ঘাঁহনিখন শুই পৰিছে
শুই পৰিছে ইতিহাসৰ সাৰ
উৱলি পৰা ইতিহাসৰ পাতত ধৰি
হৰিজন  আজি মাহাজন
মহাজনৰ ভৰত
কঙাল প্ৰজাৰ চৰু।
গোলাপী হাঁহিৰ কুটিল ষড়যন্ত্ৰ
ধুলি কণাৰ দৰে ভাঁহি ফুৰিছে
ৰিহাৰ আচলেৰে গামোচাৰ আবেগৰে
মূৰ ধাকি সফল নায়ক নায়িকা
সফল তুমি মই!

Nov 2, 2023

ৰোগাক্ৰান্ত শৰীৰ

  

মাধুৰ্য্য ফুকন

এই ভৌতিক শৰীৰ ৰোগাক্ৰান্ত
আজি বহু সময়ৰ পৰা ।
সংক্ৰমণ হৈ আহিছে
সেই সময়ৰ পৰা
সেই দিনৰ পৰা
যিদিনা শৰীৰটো লোভৰ নদীত স্নান কৰিছিল
যিদিনা শৰীৰটো মলিয়ন হৈছিল ঈৰ্ষাৰ জ্বলাত
যিদিনা শৰীৰটোৰ ভাগবতৰা হৈছিল
তোৰ-মোৰ, উচ্চ-নীচ বুলি।
তই এনেকুৱা তই তেনেকুৱা বুলি।
তই অমুক তই তমুক বুলি।
যিদিনা শৰীৰটো মিথ্যা ভৰ্ৎসনাৰ সাগৰৰ ঢৌৱে ধুৱাই নিছিল।
শৰীৰটো আৰু শৰীৰ হৈ থাক নাই।
তথাকথিত ভদ্ৰৰ বিলাস বিনোদনৰ আহিলা মাথোঁ।
পুঁজিপতিৰ আহৰিত তথাকথিত ষ্টেটাচ মাথোঁ।
আজি আৰু নাই তাৰ ভৌতিক অস্তিত্ব।
এতিয়া মাথোঁ কিতাপৰ আখৰ হৈ পৰা দুটামান ক'লা দাগ ।

তৃতীয় স্তম্ভ


 মূল: অজয় সিং

অনুবাদ: মাধুৰ্য্য ফুকন

তৃতীয় স্তম্ভ

স্থাপন কৰা হৈছিল গণতন্ত্ৰৰ চাৰিটা স্তম্ভ।
কাৰ্যপালিকা,আইন পালিকা, ন্যায়পালিকা, সংবাদ মাধ্যম
একেজাক ধুমুহাতে তচনচ হৈ গ'ল আজি
১ম স্তম্ভগণ কোৱাচোন তুমি
কেতিয়াবা যে তুমি শপত খাইছিলা
"সদৰক্ষণায়,খলনিগ্ৰহণায়"
ভালৰ সুৰক্ষা, বেয়াৰ নিবাৰণ
শান্তক পালন, দুষ্টক দমন
কি তাত ৰাতি ৰাতিৰ ভিতৰতে ছোৱালীজনীক
জ্বলাবলৈও লিখা আছিল নেকি?
কিয় আজি অসহায় সেই ভাটৌৰ দৰে
যি এতিয়া উন্মুক্ত সঁজাতো ভয়াৰ্ত!
মানি লৈছো এতিয়া তোমাৰ সঁজাত
সৰ্পে মেৰিয়াই ধৰিছে ।
কিন্তু তুমি নিজেই ভক্ষক হৈ খোটিবা
এয়া কোনে কয়?
দ্বিতীয় স্তম্ভত কুণ্ডলী মাৰি বহি থকা তক্ষক গণ
এতিয়া তোমাৰ বিষয়ে কিনো ক'ম আৰু
তোমাক বাচনি কৰা বা পছন্দ কৰা, হবচনৰ পছন্দৰ দৰে কথা।
প্ৰত্যেক পাঁচ বছৰ মগজ খটাব লাগে কোনোটোৱে কমকৈ খোটিব।
আৰু তুমি চতুৰ্থ স্তম্ভগণ
আমি তোমাৰ পৰাটো আশাই এৰিলোঁ।
ব্ৰেকিং ব্ৰেকিং কৰি কৰি
তুমি নিজ স্তম্ভৰ বুনিয়াদেই ব্ৰেক কৰি দিলা।
আমি তোমাক ৰাখিছিলোঁ
নগ্ন ৰাজক আইনা দেখুৱাবলৈ
কিন্তু তেওঁলোকৰ নগ্নতাক নতুন ফেশ্বন বুলি কৈ
জনগণকেই অন্ধ বুলি ক'বলৈ ধৰিলা।
গেলা পঁচা আৱৰ্জনাৰে সংস্পৃক্ত শগুনৰ জাক
তঁহতে ইটোৱে সিটোক আঁজুৰি থাক
কোন কাতকৈ স্বচ্ছ, বগা
এই ডিটাৰজেণ্টৰ যুঁজ দি থাকা
তুমি সৰ্পমণ্ডলীক ৰক্ষা কৰা, য'তেই পোৱা মাংস আজুঁৰি খাই থাকা
কিন্তু হয়, অলপ ভোক বাকী ৰাখিবা
কেইমূহুৰ্তমান হে বাকী গণতান্ত্ৰৰ মৃত্যুলৈ
সবাহৰ ভাজি ভালকৈ খাইহে যাবা কিন্তু।
সৰ্পমণ্ডলী, শগুণ আৰু ভাটৌ জাকৰ মাজৰ ৰেখা তন্ত্ৰৰ মাজত
থিয় হৈ আছে তৃতীয় স্তম্ভ
আটাইতকৈ শক্তিশালী স্তম্ভ
সঁচা ক'বলৈ গ'লে
তোমাৰ বিষয়ে যিকোনো কথা ক'বলৈ সমীহ কৰোঁ।
আজিকালি আপুনি বহুত স্পৰ্শকাতৰ
সৰ্পমণ্ডলী, শগুন আৰু ভাটৌৰ জাকক
বাৰু আমি সহি যাম
কিন্তু মই যদি আপোনাক কওঁ
এই যে সৰ্পমণ্ডলীৰ ফেনা বাঢ়িছে
কিয়নো আপুনি আজিকালি ফেঁচাৰ দৰে
লজ্জাত ইফাল সিফাল চাই থাকে
ভগৱানৰ কৃপাত, আপুনি তেওঁলোকক আক্ষৰিক অৰ্থত ল'ব
আকৌ মোৰ ওপৰত অৱমাননাৰ গোচৰ জাপি দিব
কিন্তু মাহামহিম মোৰ কবিতা কোনো বিদ্ৰুপ অথবা পৰিহাস নহয়।
আপোনাক সোঁৱৰাই দিয়াৰ
এক প্ৰয়াস হে মাথোঁ
এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত আপুনিয়েই ৰজা
আপুনিয়েই ধৰ্ম গুৰু
আপুনিয়েই আমাৰ শেষ আশা
আপোনাৰ স্তম্ভ খহি পৰিবলৈ নিদিব।
বাকী সৰ্পমণ্ডলী, শগুন আৰু ভাটৌৰ জাকক আমি চাই ল'ম।

Oct 30, 2023

মৰীচিকাৰ সপোন খেদি

মূল: শংকৰ শৈলেন্দ্ৰ
অনুবাদ: মাধুৰ্য্য ফুকন 

মৰিচিকাৰ কপটতা ভেদি
দে খোঁজ আগোৱাই ৰাজ আলিলৈ!
আহ খোঁজে খোঁজ মিলায়!
নাথাকিবি দূৰে দূৰে স্বজন-স্বজাতিৰ পৰা।

এই ভোক ৰোগ বেৰোজগাৰী, 
একেই আমাৰ সমস্যা বোৰ
ভবি চাইছনে কেতিয়াবা সৰ্বস্ব থাকিও, 
কিয় আমি ভিক্ষাৰী,
কিয় এই ধাৰা বন্ধ্যা,
কিয় এই ধাৰা নিস্ফল,
কিয় গ'ল শুকাই এই অম্বৰ?

এই দুনিয়াতে লালিত পালিত আকাল-দুৰ্ভীক্ষ,
আছে মৃত্যুৰ ঠিকাদাৰ,
পথৰ ওপৰতে জন্মে আৰু পথৰ ওপৰতে মৰে নৰ-নাৰী!
যি কাঢ়ি নিয়ে শিশুৰ মুখৰ হাঁহি
খেদা সেই ভূত,খুলি তাৰ মুখা।

সঁচা এই ৰাস্তা কাঁইটীয়া খুজেপতি হুল,
কাঁইটৰ দলিচাৰে সজোৱা 
মুক্তিৰ এই পথ।
নিৰ্জন দ্বীপত ফুলি আছে গোলাপ সুকুমল!
এতিয়াও বহু বাকী লক্ষ্য স্থানলৈ।
আমি কাহানিও ভাগ্যৰ দাস নহয় 
আমাৰ ভাগ্য আমাৰ হাততেই আছে 
হ'ব পৰো মজদুৰ,
অসহায় দুৰ্বল নহওঁ।

যদি তোৰ মোৰ দৰে অগণন মিলিত হয় 
নিস্ক্ৰিয় হৈ যাব অস্ত্ৰ শস্ত্ৰৰ কোলাহল  
কঁপি উঠিব জুলুমৰ সিংহাসন,
এই সময় একত্ৰিত হোৱাৰ 
এই সময় দায়বদ্ধ হোৱাৰ 
জীৱনৰ জীয়া জুইত 
দেই পুৰি যোৱা মানৱ কুটুম
ল' জ্বলাই উমি উমি 
জ‌্বলি থকা অগনি পৰাণৰ।।

সংবিধান

মূল:संविधान,पाश অনুবাদ: মাধুৰ্য্য ফুকন নিহত হৈছে এই কিতাপখন কিয় পঢ়িব লাগে নিহত কিতাপখন যাৰ প্ৰতি শব্দই কয় মৃত শান্তিৰ কথা আৰু...

Popular