Nov 9, 2023
স্বকীয়
Nov 6, 2023
সফলতা
শিলৰ বুকত উমলি বৈ যায়
আবিঐ আহিনৰ ধল
নিশাৰ নিৰৱতা ভাঙি
কুৰুলিয়াই কৰুলিয়াই
সকিয়াই সাৰে আছʼনে?
উবাং বাং পথাৰ খনৰ
সেউজীয়া ঘাঁহনিখন শুই পৰিছে
শুই পৰিছে ইতিহাসৰ সাৰ
উৱলি পৰা ইতিহাসৰ পাতত ধৰি
হৰিজন আজি মাহাজন
মহাজনৰ ভৰত
কঙাল প্ৰজাৰ চৰু।
গোলাপী হাঁহিৰ কুটিল ষড়যন্ত্ৰ
ধুলি কণাৰ দৰে ভাঁহি ফুৰিছে
ৰিহাৰ আচলেৰে গামোচাৰ আবেগৰে
মূৰ ধাকি সফল নায়ক নায়িকা
সফল তুমি মই!
Nov 2, 2023
ৰোগাক্ৰান্ত শৰীৰ
মাধুৰ্য্য ফুকন
তৃতীয় স্তম্ভ
মূল: অজয় সিং
অনুবাদ: মাধুৰ্য্য ফুকন
তৃতীয় স্তম্ভ
Oct 30, 2023
মৰীচিকাৰ সপোন খেদি
Sep 11, 2023
বখতিয়াৰ খিলজী
মূল: ৰাজেশ যোশী(राजेश जोशी)
অনুবাদ : মাধুৰ্য্য ফুকন
মই প্ৰাৰম্ভণিতে বুজি উঠিব লাগিছিল,
যেতিয়া গ্ৰন্থাগাৰৰ নিৰিবিলি পৰিবেশত
পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ ওপৰত হঠাতে
পুলিচে লাঠি চালনা কৰিবলৈ আৰম্ভ কৰিলে
আৰু কিতাপবোৰ ফালি পেলালে।
মোৰ তেতিয়াই বোধ হ'ব লাগিছিল,
বখতিয়াৰ খিলজীৰ প্ৰত্যাৱৰ্তন ঘতিছে।
মনত আছে নিশ্চয় বখতিয়াৰ খিলজী
যেতিয়া নালন্দা বিশ্ববিদ্যালয়ত,
তোমাৰ সৈন্যই আক্ৰমণ কৰিছিল
আৰু জুই লগাই দিছিল গ্ৰন্থাগাৰত,
মাহ জুৰি জ্বলি আছিল
বহু মূল্যৱান গ্ৰন্থ।
তোমাৰ জ্ঞানৰ গভীৰতা দেখি বোধ হয়
বখতিয়াৰ খিলজীৰ সৈতে পুৰনি শত্ৰুতা
কিয় ইমান ভয় জ্ঞানলে?
মই পলম কৈ হ'লেও অনুধাৱন কৰিছো,
হয় কি নহয় শতিকাৰ পিচত বখতিয়াৰ খিলজীৰ
প্ৰত্যাৱৰ্তন ঘটিছে।
কিন্তু, বখতিয়াৰ খিলজী
কিয় তোমাৰ নাম সলনি কৰিলা
নামটো নামেই বাৰু
তুমিটো ধৰ্মও সলনি কৰিলা
কিন্তু এটা কথা কওঁ বখতিয়াৰ খিলজী
সময় সলনি হ'ল
এতিয়া আৰু সেই যুগ নাই
এইয়া নালন্দা বিশ্ববিদ্যালয় নহয়
ইয়াত ছাত্ৰ-ছাত্ৰীয়ে শান্ত হৈ সহ্য
কৰি নাথাকে।
বখতিয়াৰ খিলজী
আইনা ভাঙিলেই একো আহৰণ নহয়।
এতিয়া কিতাপ জ্বলিলেও শেষ নহয়।
বখতিয়াৰ খিলজী
তুমি মূৰ্খ আগতেও আছিলা
কিন্তু,
এতিয়া আগতকৈ বেছি কুৎচিতো হ'লা।।
(মুক্ত চিন্তা ই আলোচনীত প্ৰকাশিত)
Sep 2, 2023
নিঃসংগ নগৰ
মূল:वह शहर अकेला था / মুন মুন সৰকাৰ শইকীয়া
অনুবাদ: মাধুৰ্য্য ফুকন
নিঃসংগ আছিল এই নগৰ
তাতকৈ ও নিঃসংগ মই
কোনে ভাৱিছিল
জীৱনটো যে সময়ৰ আৱেস্তনিত আৱদ্ধ হৈ পৰিব
কোনে ভাৱিছিল
দুনাই উভতি নাহে সুখবোৰ দুবাহু মেলি
কোনে ভাৱিছিল
প্ৰতি ক্ষণে প্ৰতি পলে ৰং সলাই যাব সময়ে
কোনে ভাৱিছিল
নিৰ্জন পথত মৃত বিসঙ্গমে কলৰৱ তুলিব
মই এই নিঃসংগ নগৰৰ
এজন নিঃসংগ নাগৰিক
শ শ পৃষ্ঠাৰ জীৱনৰ কিতাপখন সমাৰি
বিচাৰোঁ সুখী হোৱাৰ স্থল
বিচাৰোঁ জীয়াই থকাৰ সম্বল
কোনে ভাৱিছিল
এদিন পৃষ্ঠাবোৰেই বিচ্ছিন্ন হৈ পৰিব ।
Aug 31, 2023
আটাইতকৈ বিপজ্জনক
মূল: सबसे ख़तरनाक / पाश
অনুবাদ: মাধুৰ্য্য ফুকন
শ্ৰমৰ লুণ্ঠন আটাইতকৈ বিপজ্জনক নহয়
পুলিচৰ লাঠীৰ কোব কিংবা বিশ্বাসঘাটকতা আৰু লালসাৰ পৰিণাম
আটাইতকৈ বিপজ্জনক নহয়।
হ'ব পাৰে উদ্বেগজনক
বিনাদোষে শাস্তি পোৱা
ভয়ৰ অন্ধকাৰত কণ্ঠ ৰুদ্ধ হৈ অহা
আটাইতকৈ বিপজ্জনক নহয়
সত্যৰ যুগুত থাকিও বেইমান দুনীয়াৰ ভীৰত
হেৰাই যোৱা
হ'ব পাৰে উদ্বেগজনক
ধিমিক ধামাক জোনাকীৰ পোহৰত পঢ়া
হাতৰ মুঠিত ৰৈ যোৱা পানীৰ দৰে
সময় উলিওৱা
হ'ব পাৰে উদ্বেগজনক
আটাইতকৈ বিপজ্জনক নহয়।
মৃত শান্তিৰে চৌপাশ নিজম যোৱা
আটাইতকৈ বিপজ্জনক
প্ৰজ্ঞা আৰু চেতনা টোপনিত ঢলি পৰা
সকলোবোৰ চকু মুদি সহন কৰিযোৱা
ঘৰৰ পৰা কামলৈ যোৱা আৰু কামৰ পৰা ঘূৰি অহা
আটাইতকৈ বিপজ্জনক
আমাৰ সপোনবোৰ শূণ্যত বিলীন হৈ যোৱা
আটাইতকৈ বিপজ্জনক
আপোনাৰ হাতৰ সেই ঘড়ী
যি চলি থাকিও আপোনাৰ দৃষ্টিত স্তব্ধ হৈ থাকে।
আটাইতকৈ বিপজ্জনক সেই নেত্ৰ
যাৰ দৃষ্টিয়ে পাহৰি যায় এই ধাৰাক চেনেহৰ পৰশে চুমিবলৈ
আৰু
যি হেৰাই যায় তৰল অনুবৃত্তিক ক্ৰমত।
আটাইতকৈ বিপজ্জনক সেই গীত
যি পঢ়া যায় শোকগাঁথাৰ দৰে
আতংকিত লোকৰ দুৱাৰ মুখত
গুণ্ডাৰ দৰে আটাহ পাৰে।
আটাইতকৈ বিপজ্জনক সেই চন্দ্ৰমা
যি প্ৰতি হত্যাকাণ্ডৰ পিছত
নিজম পৰা বাগিচাৰ মাজেৰে বিচৰণ কৰে
কিন্তু
সেয়া অগোচৰেই ৰৈ যায়
পানীৰ তলৰ কাঁইটৰ দৰে
জলকীয়াৰ দৰেই আপোনাৰ চকুত নপৰে।
আটাইতকৈ বিপজ্জনক সেই দিশ
য'ত আত্মাৰ সূৰ্য্য ডুব যায়।
আৰু
যাৰ মৃত পোহৰৰ কোনো কিৰণে
ভেদি যায় বুকুৰ পূৰ্ব দিশ।
শ্ৰমৰ লুণ্ঠন আটাইতকৈ বিপজ্জনক নহয়
পুলিচৰ লাঠীৰ কোব কিংবা বিশ্বাসঘাটকতা আৰু লালসাৰ পৰিণাম
আটাইতকৈ বিপজ্জনক নহয়।
Aug 29, 2023
প্ৰত্যাহ্বান
মূল: বাংলা ভাষাৰ "চ্যালেঞ্জ" / মুন মুন সৰকাৰ শইকীয়া
অনুবাদ: মাধুৰ্য্য ফুকন
ক'ত জনে ভীৰ ফালি ঠেলা হেঁচা খাই ট্ৰেইন,বাছত।
ক'ত জনে নামি আহে
আৰু ক'ত জন হেৰাই যায় ভীৰৰ মাজত।
কেইজনক মনত ৰখা হয় এই বৰ্ধিত ভীৰত।
ক'ত লোকে খেতি কৰে এই ভূমিত
আমাক অন্ন যোগাৰ দিবলৈয়ে
নিজে পেটৰ ভোকত জ্বলি
তৃষ্ণাত আতোৰ হৈ মৰে
কেইজনক মনত ৰাখিছোঁ এই সকলৰ হে
ৰাই যায় কালৰ অটল গহ্বৰত।
আত্মকেন্দ্ৰিকতাৰে সংকোচিত আমাৰ মনোজগত।নিজৰ সুখ-দুখ, জ্বালা-যান্ত্ৰৰহিচাপ নিকাচৰ অংক সমাধানতেই বিভোৰ।অসাধাৰণ ভাবে সাধাৰণ জনতা।
আমি ভাতৰ পাতত বহিছো
এফাল খাইছো এফাল এৰিছো
দলিয়াই দিছোঁ অনায়াসে
আৰু দিন নাবাগৰোতেই আত্মঘাতী হৈছে কৃষক।
অৰু
যেতিয়া নানান প্ৰত্যাহ্বান আগলৈ আহে
কোনোৱে হাঁহে,
কোনোৱে কান্দে,
কোনোৱে চচিয়েল মিডিয়া ডুবাই দিয়ে আবেগৰ বানত।
ক'ত জন কৃষক হ'ব পাৰিলে হেতেন !
কিন্তু চচিয়েল মিডিয়াত কৃষক জুনিয়ৰ আৰ্টিষ্ট
আৰু আমিবোৰ চেলিব্ৰিটী।
Aug 26, 2023
পুৰুষ
মূল-জেচিণ্টা কেৰকেট্টা(जसिंता केरकेट्टा)
অনুবাদ: মাধুৰ্য্য ফুকন
এই ধৰাত
কোনো পুৰুষ হৈ জন্ম লোৱা নাই
পুৰুষ ৰূপে গঢ় দিছে এই সমাজে।
শৈশৱৰ পৰাই লাহে লাহে
নিভৃত নাৰীত্ব নিঃশেষ কৰি আহিছে
সামাজিক নিয়মে
সামাজিক নীতিয়ে ।
এই দৰেই গঢ় দিছে
তথাকথিত পুৰুষক
শৈশৱৰ পৰাই !
আৰু
প্ৰজন্মৰ পিছত প্ৰজন্ম
পোত গৈছে এই বিভ্ৰাট জলাশয়ত ।
সংবিধান
মূল:संविधान,पाश অনুবাদ: মাধুৰ্য্য ফুকন নিহত হৈছে এই কিতাপখন কিয় পঢ়িব লাগে নিহত কিতাপখন যাৰ প্ৰতি শব্দই কয় মৃত শান্তিৰ কথা আৰু...